:09435713128

: neelimasaikia@gmail.com

ডo মালিনী

ডo মালিনীৰ প্ৰকৃত নাম  ডo নীলিমা শইকীয়া I তেওঁ  এগৰাকী অৱসৰপ্ৰাপ্ত বিজ্ঞানী I মালিনীয়ে ভাৰতীয় মহাকাব্য দুখনৰ  কেইবাটাও নাৰী চৰিত্ৰক কেন্দ্ৰ  কৰি এঘাৰখন  উপন্যাস সৃষ্টি কৰিছে I ইয়াৰ উপৰিও  তেওঁ মহাকাব্যৰ বিভিন্ন বিষয় সম্পৰ্কত  ভালেমান গৱেষণামূলক  প্ৰৱন্ধ আৰু গ্ৰন্থ  ৰচনা  কৰিছে I তাৰে কেইখনমান গ্ৰন্থৰ নাম আৰু প্ৰকাশৰ বৰ্ষ উল্লেখ কৰা হ'ল  : "বাল্মীকি ৰামায়ণ: মত- দ্বিমত  আৰু বিশ্লেষণ" (২০১৭) , মহাভাৰত : দ্বিধা -প্ৰশ্ন  আৰু বিশ্লেষণ(২০২০), "মাধৱ কন্দলি ৰামায়ণৰ প্ৰাচীনত্ব নিৰূপণ" (২০২২), "মহাকাব্যৰ চিন্তা-প্ৰৱাহ"(২০২৩), "মাধৱ কন্দলি বিৰচিত  সপ্তকাণ্ড ৰামায়ণ"ৰ সম্পাদনা  (২০২৪) I শেহতীয়াকৈ "মহাকাব্যৰ ঘটনা-প্ৰৱাহৰ কাল নিৰ্ণয় আৰু সাহিত্য সৌৰভ"(২০২৫) I
 মহাকাব্যৰ নাৰী চৰিত্ৰৰ বিষয়ে ৰচনা কৰা  উপন্যাসকেইখন হ'ল - "যাজ্ঞসেনী" (২০০৫), "বিদেহ নন্দিনী" ( ২০০৯), কাশীকন্যা অম্বা( ২০১০), মন্দোদৰী (২০১২), ঋষিকন্যা দেৱযানী (২০১৪), উৰ্বশী ( ২০১৫) , শকুন্তলা (২০১৬), ঊৰ্মিলা (২০১৮) , ৰাজকন্যা উত্তৰা( ২০১৯), পাহাৰী কন্যা চিত্ৰাংগদা(২০২৩) I 
ডo মালিনীয়ে দহখন বিজ্ঞানভিত্তিক শিশু সাহিত্যও ৰচনা কৰিছে I  তাৰে দুখন গ্ৰন্থই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছেI গল্পকাৰ হিচাপেও ডo মালিনীৰ খ্যাতি  আছে I ছখন গল্প সংকলন ইতিমধ্যে  প্ৰকাশ হৈছেI 


 ডo মালিনী যোৰহাটত প্ৰতিষ্ঠিত মহাকাব্য অধ্যয়ন  কেন্দ্ৰৰ  সচিব I